বৰ্তমান লকডাউনৰ প্ৰয়োজনীয়তা নাই অসমত : হিমন্ত বিশ্ব শৰ্মা - লকডাউন
দেওবাৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ ঘৰৰ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ খবৰ ল’বলৈ নলবাৰীৰ বেলশৰত উপস্থিত হ’ল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এসময়ত অসমৰ স্বাস্থ্য ক্ষেত্ৰ খনত প্ৰয়াত ডাঃ বৰ্মনে আমূল পৰিৱৰ্তন সাধন কৰা বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ড৹ শৰ্মাই ৷ ইয়াৰ লগতে ৰাজ্য়ৰ সাম্প্ৰতিক কৰ’না পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰি ড৹ শৰ্মাই কয় যে, ৰাজ্য়ত সম্পূৰ্ণ ভাৱে অক্সিজেন মজুত আছে আৰু বৰ্তমান অসমত লকডাউনৰ প্ৰয়োজনীয়তা নাই ৷