অসম

assam

ETV Bharat / videos

No Helmet No Fuel campaign: হেলমেট পৰিধান নকৰিলে পেট্ৰল ডিপোত নাপাব তেল - Naltali Petrol Pump launches campaign to encourage safe driving

By

Published : Jan 7, 2022, 10:22 AM IST

সাৱধান ৷ হেলমেট পৰিধান নকৰিলে এতিয়াৰ পৰা তেল ডিপুত নাপাব পেট্ৰ’ল(No Helmet No Fuel campaign) ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু কেন্দ্ৰীয় মটৰ পৰিবহণ আইন অনুসৰি দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ বিগত বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নতুন নিয়ম ৷ এনে পৰিপেক্ষিতত কলিয়াবৰৰ নলতলিস্থিত তেল ডিপুত লোৱা হৈছে এক বিশেষ সজাগতামূলক পদক্ষেপ । এতিয়াৰে পৰা হেলমেট পৰিধান নকৰিলে তেল ডিপুটোত গ্ৰাহকক যোগান ধৰা নহ'ব পে'ট্ৰল (No Helmet No Fuel campaign) ৷ দুৰ্ঘটনা প্ৰতিৰোধ কৰা তথা দুৰ্ঘটনা সংঘটিত হ’লেও যাতে হতাহতৰ সংখ্যা ৰোধ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰৰ তেল ডিপু কৰ্তৃপক্ষই লৈছে এই প্ৰশংসনীয় পদক্ষেপ (Naltali Petrol Pump launches campaign to encourage safe driving) ৷

ABOUT THE AUTHOR

...view details