মেট্ৰিকৰ ফলাফল ঘোষণাৰ দিনটোত হোজাইত নাই পূৰ্বৰ আনন্দ উল্লাহ - announcement of matric results
বহু কল্পনা-জল্পনাৰ অন্তত শুকুৰবাৰে ঘোষণা কৰা হ'ল হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ ক'ভিড-19 ৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত লিখিত পৰীক্ষা নাপাতি ছেবাই ঘোষণা কৰিলে এই ফলাফল ৷ ফলাফল ঘোষণা হোৱা দিনটোত কিন্তু ৰাজ্যৰ বিদ্যালয়সমূহত দেখা নগ'ল পূৰ্বৰ আনন্দ উল্লাস ৷ সমান্তৰালকৈ হোজাইৰ বিদ্যালয়সমূহতো দেখা নগ'ল পূৰ্বৰ আনন্দ-উল্লাস ৷ এই সম্পৰ্কে লংকা হাইস্কুলৰ প্ৰধান শিক্ষক গৰাকীয়ে কয় যে, হোজাই জিলাখনত বেছিসংখ্যক দৰিদ্ৰ লোক আৰু ক'ভিডৰ বাবে হোৱা অনলাইন পাঠ্যক্ৰমত বেছি সংখ্যা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰা নাছিল ৷ সেইবাবে হয়তো জিলাখনত উত্তীর্ণ হাৰ কমিছে ৷ তথাপি হোজাইৰ ঐতিহ্যমণ্ডিত লংকা হাই স্কুলৰ উৰ্ত্তীণ হাৰ কিছু পৰিমাণে ভাল বুলি উল্লেখ কৰে প্ৰধান শিক্ষক গৰাকীয়ে ৷