সম্পূৰ্ণ লকডাউন হ'ব নেকি গোলাঘাট জিলাত ? - মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী
গোলাঘাটত শুকুৰবাৰে ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। গোলাঘাট জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ লগত এক বৈঠকৰ মিলিত হোৱাৰ পাচতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয়, গোলাঘাটত ক'ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰয়োজনত গোলাঘাট জিলা প্ৰশাসনক কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী গাৰকীয়ে । যদিহে চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা সাত দিনীয়া নিৰ্দেশাৱলী উলংঘন কৰে তেন্তে পুনৰ জিলাখনত কনটেইনমেন্টৰ দিন বৃদ্ধিৰ হোৱাৰ সম্ভাৱনা আছে ৷ অনাগত দিনত পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে সম্পূৰ্ণ লকডাউন দিয়াৰ সম্ভাৱনা কথাও ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে।