খিলঞ্জীয়া মুছলমানক গোষ্ঠী হিচাপে ঘোষণাৰ আহ্বান নেকিবুৰ জামানৰ - ড৹ হিমন্ত বিশ্ব শৰ্মা
খিলঞ্জীয়া মুছলমানৰ প্ৰতিটো গোষ্ঠীক গোষ্ঠীয় হিচাপে অভিহিত কৰিবলৈ দাবী জনাই অধিবক্তা নেকিবুৰ জামানে । শেষতীয়াভাৱে খিলঞ্জীয়া মুছলমানৰ লগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা ইতিবাচক বুলি কয় নেকিবুৰ জামানে । অতি সোনকালে খিলঞ্জীয়া মুছলমানৰ সংখ্যা গণনা কৰি গোষ্ঠীয় পৰিচয় দিবলৈ দাবী জনাই অধিবক্তা গৰাকীয়ে । পূৰ্ব বংগীয় মুছলমান সকলে একে লগে থকা বাবে সাংসদ, বিধায়ক নিৰ্বাচিত কৰিব পাৰে কিন্তু খিলঞ্জীয়া মুছলমান সকলে বিস্তাৰিত হৈ থকা বাবে সাংসদ, বিধায়ক নিৰ্বাচিত কৰিব নোৱাৰে বুলি সদৰি কৰা দেখা যায় অধিবক্তা গৰাকীক । যাৰ ফলত খিলঞ্জীয়া মুছলমান সকলে চৰকাৰী আঁচনি সমূহ লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে বুলি কয় নেকিবুৰ জামানে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে হোৱা বৈঠকে খিলঞ্জীয়া মুছলমানৰ দীৰ্ঘদিনীয়া দাবী সমূহৰ পৰা সুফল পোৱাৰ আশা প্ৰকাশ কৰিছে জেষ্ঠ অধিবক্তা নেকিবুৰ জামানে ।