অসম

assam

ETV Bharat / videos

নাহৰকটীয়াত ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ - কৃষিমন্ত্ৰী অতুল বৰা

By

Published : Jun 22, 2021, 3:50 PM IST

সোমবাৰে বিয়লি নাহৰকটীয়াত উপস্থিত হয় কৃষিমন্ত্ৰী (Agriculture Minister) অতুল বৰা । ডিব্ৰুগড়ৰ অভিৱাকৰ (Guardian Minister) দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে নাহৰকটীয়াত উপস্থিত হৈ ধাদুমীয়া আৰু দীঘলীয়া পঞ্চায়তৰ ক'ভিড প্ৰতিষেধকৰ কেন্দ্ৰ দুটা পৰিদৰ্শন কৰাৰ লগতে নাহৰকটীয়াৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ সম্পৰ্কত বুজ লয় মন্ত্ৰী অতুল বৰাই । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ উদ্যোগত ক'ভিড ভেকচিনৰ (Mega Drive)ৰ অংশ হিচাপে সোমবাৰৰ পৰা নাহৰকটীয়াত ৭ খন পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে ৭ টাকৈ ক'ভিড প্ৰতিষেধক(Covid-19 Vaccine) টিকাকৰণ প্ৰদান কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে কভিড ভেকচিনৰ এই মেগা ড্ৰাইভত অংশ লৈ সকলো ৰাইজক ক'ভিডৰ টিকা গ্ৰহণ কৰি সজাগ আৰু সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক তৰংগ গগৈ, দুলীয়াজানৰ বিধায়ক (MLA) তেৰচ গোৱালাকে আদি কৰি বহুকেইগৰাকী বিজেপি কৰ্মী উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details