নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নাছিম আখতাৰ
বৃহস্পতিবাৰে নিশা নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত গগৈৰ নেতৃত্বত আৰু ANTI NARCOTIC SQUAD ৰ সহযোগত এখন গোপন সূত্ৰৰ পমখেদি তথ্য লাভ কৰি নগাঁৱৰ আমিন পট্টিত অভিযান চলাই ৷ অভিযান চলাই আৰক্ষীয়ে 141 টা নিচাজাতীয় সামগ্ৰীৰ বটলসহ পাঁচটা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ তাৰে ভিতৰত এগৰাকী মহিলাও ব্যৱসায়ী আছে বুলি জানিব পৰা গৈছে ৷ গোটেই ব্যৱসায়টো চলাই গৈছিল মাষ্টাৰ মাইণ্ড নাছিম আখতাৰ নামৰ ব্যৱসায়ীটোৱে ৷ উল্লেখযোগ্য যে, পূৰ্ৱেও নাছিম আখতাৰ নামৰ লোকজনক আৰক্ষীয়ে আটক কৰি ড্ৰাগছ ব্যৱসায় কৰাৰ অপৰাধত জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ মনকৰিবলগীয়া যে, নগাঁও আৰক্ষীয়ে দিনে নিশাই ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আছে ৷ আৰক্ষীৰ জালটো পৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী ৷ কিন্তু এতিয়া প্ৰশ্ন হয় আৰক্ষীয়ে কঠোৰভাৱে অভিযান চলাই থকাৰ পাছতো কেনেদৰে এতিয়া নগাঁও চহৰৰ মাজ মজিয়াত নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় চলি আছে ৷