অসম

assam

ETV Bharat / videos

নাগৰিকৰ বাক স্বাধীনতা খৰ্ব কৰিছে বিজেপি চৰকাৰে : সুৰেশ বৰা - বিজেপি

By

Published : Oct 5, 2021, 9:10 PM IST

উত্তৰ প্ৰদেশত কৃষকৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল । প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে নগাঁৱতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও জিলা কংগ্ৰেছ কমিটিয়ে । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে নগাঁও জিলা কংগ্ৰেছে । নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা সুৰেশ বৰা । বিজেপি চৰকাৰে দেশৰ নাগৰিকৰ বাক স্বাধীনতা খৰ্ব কৰা বুলি মন্তব্য কৰে সুৰেশ বৰাই । বৰ্তমান চৰকাৰে কৃষকৰ দুখ দুৰ্দশাক গুৰুত্ব নিদিয়ে বুলিও মন্তব্য কৰি কৃষকৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে । কৃষকৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা বুলিও উল্লেখ কৰি চৰকাৰে বৰ্তমান স্বৈৰাচাৰী শাসন চলোৱা বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা সুৰেশ বৰাই । কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা কৃষকবিৰোধী আইন তিনিখন বাতিল কৰিবলৈও দাবী প্ৰতিবাদকাৰী কংগ্ৰেছ দলে । একেদৰে প্ৰিয়ংকা গান্ধীৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে নগাঁও জিলা কংগ্ৰেছ কমিটিয়ে ।

ABOUT THE AUTHOR

...view details