অসম

assam

ETV Bharat / videos

ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত সোণৰ পদক অৰ্জন নুনমাটিৰ মুগ্ধা দাসৰ - Mughda Das won a gold medal

By

Published : Sep 23, 2021, 9:17 PM IST

অসমৰ ক্ৰীড়া প্ৰেমী সকলৰ বাবে এক সু-খবৰ ৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা সপ্তম ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া টাইকোৱানডো প্ৰতিযোগিতাত আন খেলুৱৈৰ লগতে অসমৰ হৈ প্ৰতিনিধিত্ব কৰা মহানগৰীৰ নুনমাটি অঞ্চলৰ মুগ্ধা দাসে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ 18 ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীৰ পিতামপুৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনৰ 28 কেজি অনুৰ্ধৰ চাব জুনিয়ৰ শাখাত স্বৰ্ণ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মুগ্ধা দাসে ৷ ইপিনে অসম দলটো টাইকোৱানডো শাখাত শ্ৰেষ্ঠ দলৰ সন্মান ৰূপে ট্ৰফী লাভ কৰে ৷ নুনমাটি টাইকোৱানডো' এছছিয়েশ্যনৰ মুখ্য প্ৰশিক্ষক হৰগোবিন্দ কলিতা, সহ প্ৰশিক্ষক সীমান্ত বড়ো তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল মুগ্ধা দাসে ৷ গোৱালপাৰা সৈনিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মুগ্ধা দাস গুৱাহাটীৰ নুনমাটিৰ বিষ্ণু ৰাভা নগৰ নিবাসী সাংবাদিক জয়ন্ত দাস আৰু জিলি দাসৰ জ্যেষ্ঠ কন্যা ৷ উল্লেখ যে, মুগ্ধা দাসৰ এই সফলতাৰ বাবেই শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী সকলক আনন্দিত কৰি তুলিছে ৷ নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ সময়ত গুৱাহাটী ৰেল ষ্টেচনত অসমৰ দলটোৰ সদস্য সকলক বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details