অসম

assam

By

Published : Dec 29, 2021, 10:58 PM IST

ETV Bharat / videos

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু আব্দুল খালেকৰ

সাংসদ আব্দুল খালেকে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ১০ ডিচেম্বৰত মৰিগাঁৱত এটা বিশেষ এটা সম্প্ৰদায়ৰ নাম লৈ বিতৰ্কিত মন্তব্য(CM Controversial speech in Morigaon) কৰাৰ অভিযোগ কৰে সাংসদগৰাকীয়ে ৷ তেওঁ মুখ্যমন্ত্ৰীয়ে সংবিধান উলংঘা(Assam CM violate the Constitution) কৰাৰ অভিযোগ কৰি দিছপুৰ আৰক্ষী চকীত এই এজাহাৰ দাখিল কৰে । আনহাতে দেহৰক্ষী প্ৰত্যাহাৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আব্দুল খালেকে । তেওঁ কয় যে দেহৰক্ষী প্ৰদানৰ সন্দৰ্ভত আৰক্ষীৰ এখন উচ্চ পৰ্যায়ৰ কমিটি আছে । নিৰাপত্তাৰ দিশটো তেওঁলোকে সিদ্ধান্ত ল’ব । মুখ্যমন্ত্ৰীয়ে যদি নিজাকৈ সিদ্ধান্ত লয়, তেতিয়া আইন শৃংখলা বিঘ্নিত হ’লে সেয়া মুখ্যমন্ত্ৰীয়ে জানিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details