অসম

assam

ETV Bharat / videos

শিৱসাগৰত মটক ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট - এখন স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ

By

Published : Aug 9, 2021, 3:46 PM IST

সোমবাৰে শিৱসাগৰত মটক জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিকৰণকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে । শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে । সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে শিৱসাগৰ জিলা সমিতিয়ে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, মটক জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিকৰণেৰে সংবিধানিক মৰ্যদা প্ৰদান কৰা, মটক জনগোষ্ঠীৰ বিশেষ উন্নয়নৰ শিতানত ধাৰ্য কৰা ১২৫ কোটি আৰ্থিক পুঁজি মোকলাই দিয়া, সদ্য গঠিত মটক স্বায়ত্ব শাসিত পৰিষদলৈ সন্তোষজনক ধনৰ আৱণ্টন দিয়া আদিকে ধৰি বহুকেইটা দাবী পূৰণৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । এই দাবী সম্বলিত এখন স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ নেতৃত্বই ।

ABOUT THE AUTHOR

...view details