হঠাৎ অসুস্থ অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্য অৱনতি । মঙলবাৰে শিৱসাগৰৰ বাসগৃহৰ পৰা চিকিৎসাৰ বাবে প্ৰিয়দা গগৈক অনা হয় ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ বৰবাৰী কিডনী ক্লিনিকত ডাঃ সঞ্জীৱ কাকতিৰ তত্বাৱধানত কৰা হয় তেওঁৰ চিকিৎসা । বৰ্তমানে তেওঁৰ স্বাস্থ্য কিছু সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে ৷