অবৈধ সম্পৰ্কৰ পৰিণতিত জন্ম হোৱা শিশুক হত্যা কৰোৱালে মাতৃয়ে
মৰিগাঁৱত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা । নৱজাতকক হত্যা কৰি পুতি থৈ আৰক্ষীক অপহৰণ বুলি এজাহাৰ দাখিল । এই ঘটনাই মৰিগাঁৱত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । মৰিগাঁও আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে হত্যাকাণ্ডৰ কাৰণ । শিশুটিক হত্যাৰ অভিযোগত অজয় বৰদলৈ নামৰ এজন যুৱকৰ লগতে শিশুটিৰ মাতৃক আটক কৰা হৈছে ৷ অবৈধ সম্পৰ্কৰ ফলত শিশুটিৰ জন্ম হোৱাৰ অভিযোগ একাংশৰ ৷