Morapagaldia river erosion : গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে বগুলামাৰী গাঁৱলৈ
মৰাপাগলদিয়া নৈয়ে ভাবুকি কঢ়িয়াই আনিছে বাক্সাৰ বগুলামাৰী গাঁৱলৈ (Baksa Bagulamari Village)৷ মৰাপাগলদিয়া নৈখন সম্প্ৰতি মূল নৈৰ পৰা ফালৰি কাটি আহি বুগুলামাৰী গাঁৱৰ কাষেৰে বৈ গৈছে ৷ কিন্তু নৈৰ বুকুত খনন কাৰ্য চলাই মহলদাৰে শিল বালি নি ত্ৰাসৰ সৃষ্টি কৰাৰ অভিযোগ গাঁওবাসীৰ ৷ যাৰ ফলত মৰাপাগলদিয়াৰ কাষতে থকা বগুলামাৰী গাঁৱলৈ আহি পৰিছে ভাবুকি ৷ গাঁওবাসীৰ অভিযোগ বন বিভাগে মহলদাৰৰ এই কাৰ্যত বাধা প্ৰদানৰ বিপৰীতে সময়ে সময়ে আহি মোটা অংকৰ ধনহে সংগ্ৰহ কৰে ৷ নৈৰ বুকুত এনেদৰে খননকাৰ্য চলাই থাকিলে মৰাপাগলদিয়া নৈৰ গৰাখহনীয়াই (Morapagaldia river erosion) বগুলামাৰী গাঁৱক নিঃচিহ্ন কৰিব বুলি শংকিত হৈ পৰিছে গাঁওবাসী ৷ চৰকাৰক এইক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে আহ্বান অসহায় গাঁওবাসীৰ ৷