মৰাণৰ ফুটবল প্ৰতিযোগিতাত মৰাণ মহিলা ফুটবল দলৰ জয়লাভ - Moran football competition
মৰাণৰ মেঘা চাহ বাগিচাৰ খেল পথাৰত অনুষ্ঠিত হোৱা সদৌ অসম আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতাত মৰাণ মহিলা ফুটবল দলৰ জয়লাভ । অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থা, লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত 10 সংখ্যক স্বর্গীয় বীৰ সিং মাঝিৰ সোঁৱৰণীত অনুষ্ঠিত হোৱা চলন্ত ট্ৰফী মহিলা ফুটবল প্ৰতিযোগিতা মৰাণ আৰু মাইজান দলৰ মাজত অনুষ্ঠিত হয় । খেলখনত মৰাণ মহিলা ফুটবল দলে মাইজান দলক 9-1 গ'লত পৰাস্ত কৰে ।