অসম

assam

ETV Bharat / videos

ড৹ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত শোক প্ৰকাশ মৰাণ শাখা সাহিত্য সভাৰ

By

Published : Jun 5, 2021, 10:46 AM IST

বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ পদ্মশ্ৰী বঁটাৰে বিভূষিত ড৹ লক্ষ্মীনন্দন বৰাৰ পৰলোকপ্ৰাপ্তিত অসমীয়া সাহিত্য জগতৰ বাবে এক বৃহৎ ক্ষতি বুলি অভিহিত কৰে ৰাজ্যৰ বৌদ্ধিক সমাজে । যশস্বী সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যবাসীৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি শোক প্ৰকাশ কৰিছে মৰাণ শাখা সাহিত্য সভা(moran shakha sahitya sabha)ই । মৰাণ শাখা সাহিত্য সভা(moran shakha sahitya sabha)ৰ সভাপতি প্ৰশান্ত দত্ত আৰু সম্পাদক অকণ ভূঞাই বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক গৰাকীৰ মৃত্যুত অসমীয়া সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details