অসম

assam

ETV Bharat / videos

গুলী নহয়, বন্দুকৰ নলীৰে ওলাইছে টকা

By

Published : Oct 2, 2021, 1:29 PM IST

এক আশ্বৰ্যকৰ ঘটনা ৷ বন্দুকৰ নলীত গুলী নহয়, এইবাৰ ওলাইছে টকা । বেৰেলৰ পৰা উদ্ধাৰ হৈছে ইখনৰ পাচত সিখন 500 টকীয়া নোট । অতীতত মানুহে চুঙাত টকা জমা কৰা দৃশ্য আপুনি হয়তো বহুত দেখিছে । আধুনিকতাৰ এই যুগত এইবাৰ কিন্তু বন্দুকৰ নলীত জমা কৰা হৈছে টকা । অ’ ৰ’ব, এয়া পিছে খুচুৰা পইচা বা এশ-দুশ টকা নহয়, কেইবা হাজাৰ টকা জমা ৰখা হৈছে বন্দুকৰ নলীত । বন্দুকৰ নলীত পইচা জমা ৰখাৰ অন্তৰালত আছে এক অদ্ভূত কাৰণ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ডিব্ৰুগড়ত পঞ্জাৱ নেচনেল বেংকৰ পৰা এ টি এমত টকা ভৰোৱাৰ দায়িত্বত থকা এজন সুৰক্ষা কৰ্মীয়ে বেংকৰ পইচা চুৰ কৰি জমা ৰাখে বন্দুকৰ নলীত ৷ সুৰক্ষা কৰ্মীজনৰ নাম উৎপল গোঁহাই ৷ উল্লেখ্য যে, এটা ব্যক্তিগত কোম্পানীৰ সুৰক্ষাৰ দায়িত্বত থকা উৎপলৰ বিৰুদ্ধে পূৰ্বেও আছিল এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ ৷ পুনৰ এনে কাৰ্য সংঘটিত কৰাত উৎপল গোহাঁইৰ বিৰুদ্ধে ব্যক্তিগত কোম্পানীটোৱে ডিব্ৰুগড় আৰক্ষীক এক লিখিত অভিযোগ দিয়ে ৷ তাৰ পাচতে আৰক্ষীয়ে চলাই অভিযান ৷ অভিযানত যুৱকজনৰ বন্দুকৰ নলীৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবা হাজাৰ টকা ৷

ABOUT THE AUTHOR

...view details