অসম

assam

বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয় পৰিদৰ্শন বিধায়ক ছামছুল হুদাৰ

By

Published : May 30, 2021, 11:05 AM IST

শনিবাৰে বিলাসীপাৰা মহকুমা অসামৰিক (ক'ভিড) চিকিৎসালয় পৰিদৰ্শন কৰে পূৱ বিলাসীপাৰা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ছামছুল হুদাই । ৰাজ্যত ক্ৰমাৎ ক'ভিড পৰিস্থিতিয়ে জটিলৰ পৰা জটিল ৰূপ লোৱাৰ সময়তে ধুবুৰী জিলাৰ চিকিৎসালয় সমূহৰ পুতৌলগা অৱস্থাই উদঙাই দিছে চিকিৎসা সেৱাৰ ফোপোলা স্বৰূপ । বিধায়ক গৰাকীয়ে ক'ভিড চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসালয়খনত বৰ্তমানেও ক'ভিডৰ সৈতে মোকাবিলা কৰিবৰ বাবে পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা নাই বুলি মন্তব্য কৰিছে । পূৱ বিলাসীপাৰাৰ নৱ নিৰ্বাচিত বিধায়কগৰাকীয়ে চিকিৎসালয়খনৰ পৰিস্থিতিৰ বুজ লৈ চিকিৎসালয়খনত নিয়োজিত ক'ভিড যোদ্ধা আৰু ৰোগী সকলৰ মাজত মাস্ক, ছেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে ।

ABOUT THE AUTHOR

...view details