অসম

assam

By

Published : Oct 21, 2020, 12:37 PM IST

ETV Bharat / videos

কংগ্ৰেছৰ মিত্ৰজোঁট সন্দৰ্ভত বিধায়ক ৰকিবুল হুছেইনৰ মন্তব্য

বুধবাৰে শিৱসাগৰত চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন উপস্থিত হৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তুলা-ধূনা ৷ জেঙণিকটীয়াত সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কংগ্ৰেছ দলৰ জেষ্ঠ নেতাগৰাকীয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ মিত্ৰতাই বিজেপি বিৰোধী সংযুক্ত মৰ্চাক সহায় কৰিব বুলি মন্তব্য কৰে । বদৰুদ্দিন আজমলৰ সৈতে কংগ্ৰেছ দলৰ মিত্ৰতাক লৈ বিজেপি দলৰ ৰাজনৈতিক বিশেষজ্ঞ হিমন্ত বিশ্ব শৰ্মাৰ অংকত জংক-পংক লাগিছে । কিন্তু প্ৰকৃততে আজমল পাৰ্টীৰ লগত আনুষ্ঠানিক মিত্ৰতা বিজেপিয়ে কৰি থৈছে । এইবাৰ কংগ্ৰেছৰ মিত্ৰজোঁটে উজনিত সৰ্বাধিক আসন লাভ কৰিব বুলি তেওঁ কোৱাৰ লগতে বৰ্তমান অসমত গঠন হৈ থকা সকলো ৰাজনৈতিক শক্তিক একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহবান জনায় বিধায়ক ৰকিবুল হুছেইনে ।

ABOUT THE AUTHOR

...view details