অসম

assam

ETV Bharat / videos

বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ সম্প্ৰীতি ধ্বংস কৰিবলৈ একাংশই চেষ্টা কৰিছে : প্ৰশান্ত ফুকন - relation between Barak-Brahmaputra

By

Published : Oct 19, 2021, 11:34 AM IST

ৰাজ্য চৰকাৰে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ সম্প্ৰীতি পূৰ্বতকৈ অধিক শক্তিশালী হৈছে বুলি কৈ থকাৰ সময়তে বৰাকত সোমবাৰে অপমান কৰা হয় অসমীয়া ভাষাক । এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ কিন্তু অসমীয়া ভাষাক কৰা এই অপমান হঠাতে হোৱা নহয়, দীৰ্ঘদিনীয়া চক্ৰান্তৰ অংশহে এয়া বুলি বিভিন্নজনে অভিযোগ উখাপন কৰিছে ৷ ইয়াৰ মাজতেই বৰাকৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকীয় দলৰ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । বিধায়কগৰাকীয়ে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত থকা সম্পৰ্ক কংক্ৰিতৰ মাজত থকা লোহাডালৰ দৰে বুলি উল্লেখ কৰে । বিধায়ক ফুকনে বৰাকৰ মানুহ যদি লোহাডাল আৰু লোহাৰ ডালৰ চাৰিওফালে থকা কংক্ৰিটখিনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহ । এই সম্পৰ্ক ধ্বংস কৰি সংঘাত সৃষ্টি কৰা বাবেই কিছু লোকে চেষ্টা কৰি আছে বুলি কয় ৷ তেওঁ লগতে কয় যে, বঙালী ভাষা এতিয়া স্বীকৃতিপ্ৰাপ্ত ভাষা, বিধানসভাতো বঙালী ভাষা চলে । অসমৰ মানুহে এখন কাণেৰে শুনি আনখনেৰে এনেবোৰ কথা উলিয়াই দিব বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details