মিঞাক সংৰক্ষণ দিব বিচাৰিলে শ্বেৰমান আলীক বাংলাদেশলৈ যোৱাৰ পৰামৰ্শ দিগন্ত কলিতাৰ - water supply scheme
শেহতীয়াকৈ অসম আন্দোলনৰ শ্বহীদক উদ্দেশ্যি অপমানসূচক মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদ । কংগ্ৰেছী বিধায়কগৰাকী এনে মন্তব্যক লৈ বিভিন্ন দল-সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে । এইবাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই সমালোচনাৰে থকা-সৰকা কৰিলে শ্বেৰমান আলীক । দিগন্ত কলিতা কয় যে, মিঞাক যদি সংৰক্ষণ দিব বিচাৰিছে, তেন্তে শ্বেৰমান আলীক বাংলাদেশলৈ যোৱাটোৱে ভাল । তাতে গৈ মিঞাক সংৰক্ষণ দিবলৈ শ্বেৰমান আলীক কটাক্ষ কৰিলে দিগন্ত কলিতাই । তেওঁ লগতে কয় যে, অসমৰ ৮৫৫ গৰাকী শ্বহীদৰ মাজত হিন্দু বা মুছলমান বুলি কোনো প্ৰভেদ নাই । শ্বেৰমান আলীয়ে শ্বহীদৰ পৰিয়ালক অপমান কৰা বুলিও মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই । শ্বেৰমান আলীৰ মন্তব্যৰ ওপৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলিও তেওঁ ক্ষোভ উজাৰে । তেওঁলোকে শ্বেৰমান আলীক সমৰ্থন কৰা বুলিও অভিযোগ তুলিলে দিগন্ত কলিতাই । শুকুৰবাৰে বাইহাটা চাৰিআলিৰ বৰ হাজাৰা গাঁৱত খোৱা পানী যোগান আঁচনি মুকলি কৰি সাংবাদিকৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক দিগন্ত কলিতাই ।