অসম

assam

নিৰ্বাচন আয়োগৰ চকুত ধূলি দি ধন বিলাইছে বিজেপিয়ে : অখিল গগৈ

By

Published : Oct 8, 2021, 8:15 PM IST

‘‘নিৰ্বাচন আয়োগে অনুমতি প্ৰদান নকৰা স্বত্বেও কংগ্ৰেছ আৰু বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ মৰিয়নী আৰু থাওৰা সমষ্টি টকাৰে পুতি পেলোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে ৷ টকাৰে মানুহৰ বিবেকো কিনাৰ চেষ্টা চলাইছে ৷ হাজিৰা দি সমৰ্থক গোটাবলগীয়া হৈছে বিজেপিয়ে ৷ এনেধৰণৰ মূল্যবোধহীন ৰাজনীতিৰ অভ্যাস হিমন্ত বিশ্ব শৰ্মাৰ আগৰ পৰাই আছে’’ ৷ মৰিয়নী বিধানসভা সমষ্টি(Mariani Constituency)ত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়ক অখিল গগৈ(Akhil Gogoi)য়ে ৷ বিজেপিক সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰে হোৱা চুক্তি সন্দৰ্ভতো মন্তব্য কৰে অখিল গগৈয়ে ৷ উপ-নিৰ্বাচন(By Election)ৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ(Sanjib Gogoi)ৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিবলৈ সমষ্টিটোত উপস্থিত হৈছে বিধায়কগৰাকী ৷

ABOUT THE AUTHOR

...view details