দৰং জিলাত আৰম্ভ হ’ল মিছন ৰামধেনু - Mission ramdhenu started at darrang district
দৰং জিলাত বুধবাৰে মিছন ৰামধেনু আৰম্ভ কৰা হৈছে । গৰ্ভৱতী মহিলা আৰু শিশুসকলক বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে এক বিশেষ ভেকচিনেশ্যন আৰম্ভ হৈছে ৷ এই উপলক্ষে মঙলদৈ অসামৰিক চিকিৎসালয়ত এক অনুষ্ঠান অনুস্থিত হয় । দৰং জিলা উপায়ুক্ত প্ৰভাতী থাওচেনে সপ্তাহজোৰা টিকাকৰণ অনুষ্ঠান উদ্বোধন কৰি ইয়াৰ জড়িয়তে সকলো শিশুক সামৰি লোৱা হ’ব বুলি উল্লেখ কৰে । জিলা স্বাস্থ্য বিষয়া নিৰ্মল বেৰীয়াই জনোৱা মতে, এই আঁচনিৰ জড়িয়তে দৰং জিলাৰ 1500 শিশুক সামৰি লোৱা হ’ব । অহা আগষ্ট আৰু চেপ্তেম্বৰ মাহতো 7 ৰ পৰা 13 তাৰিখৰ ভিতৰত এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি জনাইছে । এই অনুষ্ঠানত 10 টা শিশুক টীকা প্ৰদান কৰা হয় ।
TAGGED:
mission ramdhenu