বোকাখাতত নিয়ম নমনা বাহন চালকৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান - হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ বিৰুদ্ধে অভিযান
বছৰৰ শেষৰ দিনটোত বোকাখাতত সুৰাপায়ী চালক আৰু হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ বিৰুদ্ধে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকে চলালে অভিযান (Mission against traffic rule offenders) । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সষ্টম বোকাখাত আৰক্ষী প্ৰশাসন । বছৰটোৰ শেষৰ দিনটোত গোলাঘাট পৰিবহন বিভাগৰ সহযোগত জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক বোকাখাতৰ নাহৰজানত উপস্থিত হৈ অভিযান চলায় । জিলাখনত শুকুৰবাৰলৈকে আইন ভংগকাৰী চালকৰ পৰা ৭৫ লাখ টকা জৰিমনা আদায় কৰিবলৈ সক্ষম হৈছে প্ৰশাসন(Fine for traffic rule offenders in Golaghat) । সুৰাপায়ী চালক আৰু হেলমেট পৰিধান নকৰা বাইক চালকৰ বিৰুদ্ধে নতুন বছৰৰ প্ৰথম সপ্তাহলৈকে এই অভিযান চলি থাকিব বুলি জিলা উপায়ুক্তই জানিব দিয়ে ।