মাত্ৰ দ্বাদশ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছে বিধায়ক পৃথ্বীৰাজ ৰাভাই ! - বিধায়ক পৃথ্বীৰাজ ৰাভা
একাংশ সামাজিক মাধ্যমৰ বাতৰিয়ে সমাজক বিপথে পৰিচালিত কৰিছে নেকি(?), তাৰে এক প্ৰতিফলন ঘটিছে তেজপুৰৰ নৱ নিৰ্বাচিত অগপ দলৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগত । বিধায়ক ৰাভাই অভিযোগ উত্থাপিত কৰিছে যে, তেওঁৰ বিষয়ে ভুল তথ্য প্ৰচাৰ কৰিছে সামাজিক মাধ্যমত প্ৰচাৰিত এটা বাতৰিয়ে । সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত প্ৰচাৰিত বাতৰিত প্ৰকাশ কৰা অনুসৰি, পৃথ্বীৰাজ ৰাভাই মাত্ৰ দ্বাদশ শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি বিধায়ক হিচাবে নিৰ্বাচিত হৈছে । কিন্তু এই সকলো অভিযোগ খণ্ডন কৰিছে অগপৰ বিধায়ক গৰাকীয়ে ৷ উল্লেখ্য যে, ৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ হোৱাৰ লগতে এগৰাকী অসম পাব্লিক চাৰ্ভিছৰ উত্তীৰ্ণ হৈ নিয়োগ বিনিয়োগৰ যুটীয়া সঞ্চালক হৈ কাৰ্য্য নিৰ্বাহ কৰাৰ পিছত উক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰে । ইয়াৰ পিছত তেওঁ ৰাজনীতি জগতৰ লগত জড়িত হয় । এই প্ৰসংগত সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে তেজপুৰৰ নৱ নিৰ্বাচিত বিধায়ক পৃথ্বীৰাজ ৰাভাৰ এক বিশেষ সাক্ষাৎকাৰ....