দিখৌৰ বুকুত জাঁপ ১৩ বছৰীয়া কিশোৰীৰ
শিৱসাগৰ নগৰত অঘটন । এগৰাকী কিশোৰীয়ে দিখৌ নদীত জাঁপ দিয়াক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । সোমবাৰে সন্ধিয়া এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে দিখৌ নদীত জাঁপ দিয়ে ৷ কিশোৰী গৰাকী শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ ৰাজীৱ দাসৰ জীয়ৰী বুলি জানিব পৰা গৈছে ৷ কিশোৰী গৰাকীয়ে কি কাৰণত নদীত জাঁপ দিলে সেইয়া এতিয়াও জানিব পৰা নাই । ঘটনাস্থলীত শিৱসাগৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ সংকটজনক অৱস্থাত কিশোৰী গৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।