অসম

assam

Cabinet Meeting at Bongaigaon : বৈঠকৰ পূৰ্বে বজালী জিলা পৰিদৰ্শন মন্ত্ৰী ইউ জি ব্ৰহ্মৰ

By

Published : Nov 24, 2021, 7:08 AM IST

বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠক(Cabinet Meeting at Bongaigaon)ত অংশগ্ৰহণ কৰিবলৈ যোৱা পথত প্ৰত্যেকগৰাকী মন্ত্ৰী বিধায়কক একোখন নিদিৰ্ষ্ট জিলাত উপস্থিত হৈ ৰাইজৰ অভাৱ, অভিযোগ, সমস্যা আদিৰ বুজ ল'বলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ অনুসৰি মঙলবাৰে বজালী জিলাত উপস্থিত হয় মন্ত্ৰী ইউ জি ব্ৰহ্ম (U G Brahma)৷ মন্ত্ৰীগৰাকীয়ে পাটাছাৰকুছি ১২০ বছৰ পুৰণি এল পি স্কুলৰ পৰিদৰ্শনৰ কৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি বিদ্যালয়খন গৰিমা থকা বুলি জানিব দিয়ে ৷ তেওঁ যিসমূহ বিদ্যালয়ে ইতিমধ্যে ১০০ বছৰ গৰকিছে সেইসমূহ বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তুলিব বুলি মন্তব্য কৰে ৷ তেওঁ বেজকুছি প্ৰাথমিক চিকিৎসালয়খনো পৰিভ্ৰমণ কৰি চিকিৎসালয়খনত বিভিন্ন সমস্যাৰ ওপৰত বুজ লৈ মুখ্যমন্ত্ৰীক অৱগত কৰাৰ কথা ব্যক্ত কৰে ।

ABOUT THE AUTHOR

...view details