পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে অভিযোগ নহয় এজাহাৰ দিয়ক : ৰণজিৎ কুমাৰ দাস - Minister Ranjit Das
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা দুৰ্নীতি আঁতৰ কৰিবলৈ চৰকাৰী বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰিছে যদিও ৰাজ্যৰ গাঁও পঞ্চায়ত সমূহত আজিও সংঘটিত হৈ আছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি । পঞ্চায়তৰ দ্বাৰা ৰূপায়ণ হোৱা বিশেষকৈ এনৰেগা আৰু প্ৰধানমন্ত্ৰী আবাস গৃহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । মঙলবাৰে থাওৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ সমষ্টিটোৰ পঞ্চায়তৰ কাম-কাজৰ বুজ লয় । মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত ন-হাট গাঁও পঞ্চায়তৰ সভানেত্ৰী পুষ্পা গগৈৰ গৃহত উপস্থিত হৈ সভানেত্ৰী আৰু পঞ্চায়তৰ বিষয়ববীয়াৰ লগত পঞ্চায়ত উন্নয়ন আৰু কামকাজ বুজ লোৱাৰ লগতে পঞ্চায়তৰ বিভিন্ন সমস্যাৰ ওপৰত মত বিনিময় কৰে । ইয়াৰ পাছতে সাংবাদিকে থাওৰা সমষ্টিৰ অধিকাংশ গাঁও পঞ্চায়তত ডাষ্টবিন নিৰ্মাণত ব্যাপক অনিয়ম, প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সম্পৰ্কে মন্ত্ৰী জনক অৱগত কৰাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয়, পঞ্চায়তত হোৱা দুৰ্নীতিৰ বিষয়ে মোক অভিযোগ দিয়াত কৈ ৰাইজে নিজেই দুৰ্নীতি দেখিলে থানাত এজাহাৰ দিয়ক । মন্ত্ৰীজনৰ এই মন্তব্যৰ পিছত ৰাইজে পঞ্চায়তৰ দুৰ্নীতি সম্পৰ্কত কেনে ধৰণে আগবাঢ়িব সেয়া লক্ষনীয় হ'ব ।