Rifleman প্ৰণৱজ্যোতি দাসক সম্বৰ্ধনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - প্ৰণৱজ্যোতি দাসক সম্বৰ্ধনা জ্ঞাপন
অসমৰ বীৰ সন্তান বজালীৰ গোবিন্দপুৰৰ হৰেণ দাস আৰু অনিতা দাসৰ জ্যেষ্ঠ পুত্ৰ প্ৰণৱজ্যোতি দাসে(Rifleman Pranab Jyoti Das) শৌৰ্য চক্ৰ(Rifleman Pranab Jyoti Das conferred with Shaurya Chakra) বঁটা লাভ কৰাৰ পাচত তেওঁ আপোন গাঁওখনলৈ উভতিছে । তেওঁৰ আগমণে গাঁওখনত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশৰ ৷ বীৰ জোৱান প্ৰণৱজ্যোতি দাসৰ আগমণৰ পাচতে আদৰণি তোৰণ স্থাপন কৰি তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে গাঁওবাসীয়ে ৷ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি বীৰ সন্তানগৰাকীক অভিনন্দন জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Minister Ranjeet Kumar Das felicitates Rifleman Pranab Jyoti Das)য়ে । লগতে বীৰ জোৱান প্ৰণৱজ্যোতি দাসৰ শৌৰ্য চক্ৰটোও প্ৰদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷