কোকৰাঝাৰত ভূঁই ৰুলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই - MINISTER PRAMILA RANI BRAHHMMA
ভূঁই ৰুই নৱ প্ৰজন্মক কৰ্ম সংস্কৃতি বজাই ৰখাৰ প্ৰচেষ্টা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ । কোকৰাঝাৰৰ পথাৰত ভূই ৰুই কি ক'লে নৱ প্ৰজন্মক ? কোকৰাঝাৰ চহৰৰ নাতিদূৰৰৈৰ বালাজান তিনিআলীত নিজৰ কৃষি ভূমিত আজি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই আন বহুতৰ সহতে সৃষ্টি ভূমিত ভূঁই ৰুই নৱ প্ৰজন্মৰ যুৱক যুৱতী সকলক কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই ৷ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই তেওঁ স্কুলীয়া জীৱনৰ পৰাই কৃষি কাৰ্যৰ সতে জড়িত বুলি উল্লেখ কৰে। লক ডাউনৰ সময় চোৱাত জনতাৰ সতে দেখা সাক্ষাৎ কৰাটো সমীচিন নহয় আৰু সেয়েহে নিজৰ কৃষিভূমিতে ভূঁই ৰুই সময় পাৰ কৰাৰ লগতে কৃষিকাৰ্যৰ সৈতে একাত্ম হৈ পৰিছে বুলি উল্লেখ কৰি নৱ প্ৰজন্মক কৃষিসংস্কৃতিৰ প্ৰতি আক্ৰষ্ট হ'বলৈ আহ্বান জনায়