অসম

assam

ETV Bharat / videos

প্ৰসংগ উপ-নিৰ্বাচন : থাওৰাত একেদিনাই 14 টাকৈ পথৰ আধাৰশিলা বিজেপিৰ - কুশল দুৱৰী

By

Published : Sep 12, 2021, 10:38 PM IST

থাওৰা সমষ্টিত উপ-নিৰ্বাচনক লৈ শাসক দল বিজেপিয়ে তৈয়াৰ কৰিছে ৰণ কৌশল । কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰাৰ পাছতে থাওৰাৰ ৰাজনৈতিক সমীকৰণ সলনি হৈ পৰিছে । থাওৰা সমষ্টি নিজৰ হাতত ৰখাৰ বাবে শাসক দল উঠিপৰি লাগিছে । সেয়ে দেওবাৰে চমক সৃষ্টি কৰি থাওৰাত বিজেপি চৰকাৰে চমক দিছে ৰাইজক। একেদিনাই উপ-নিৰ্বাচনৰ পূৰ্বে থাওৰাত 14 টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই । থাওৰা সমষ্টিৰ অন্তৰ্গত বকতাৰ আহোম গাঁও পথ, কুতুহাগুৰি পথ, কটীয়া গাঁও পথ, ডিমৌ গুৰি পথ, দেউৰীটিং, ম'হখুটি, ডিমৌ পলিটেকনিক, কলীয়াপানী, মাজাচয়িফ, কেচুমণি, ধ্যান চাৰিআলি, ধুন্দৰমুখ, কছাৰীপথাৰ, বজালীগাঁও পথকে ধৰি মুঠ চৈধ্যটাকৈ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । থাওৰা সমষ্টিৰ দুগৰাকীকৈ প্ৰাক্তন বিধায়ক আৰু চৰকাৰী PWD বিভাগৰ বিষয়াৰ উপস্থিতিত নতুনকৈ আৱণ্টিত পথ সমূহৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । এই পথৰ আধাৰশিলা অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, সাংসদ প্ৰদান বৰুৱা, তপন কুমাৰ গগৈ, বিধায়ক ভূৱন পেগু আৰু থাওৰাৰ দুই প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁই উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details