চামগুৰিৰ অৱহেলিত প্ৰতীক চিহ্ন পুনৰ নিৰ্মাণৰ আশ্বাস
চামগুৰিৰ প্ৰতীক চিহ্নসমূহ পুনৰ নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান মন্ত্ৰী পীযুষ হাজৰিকা(Pijush Hazarika)ৰ ৷ ফ’ৰলেনযুক্ত পথৰ কাষতে থকা কংক্ৰিটেৰে নিৰ্মাণ কৰা অসমীয়াৰ স্বাভিমান শৰাইখনৰ লগতে জাপি, পেঁপা আৰু দেৱবাদ্য খোল-তাল সম্বলিত প্ৰতীক চিহ্ন গংগাসাগৰ নামৰ নিৰ্মাণকাৰী কোম্পানীটোৱে অপমানসূচকভাৱে আৰু মইমতালিৰে ভাঙি পেলাইছিল ৷ যাৰ ফলস্বৰূপে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল চামগুৰিত ৷ এনে দুষ্কাৰ্য সংঘটিত কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে অসম চৰকাৰ(Assam Govt) আৰু NHIDCL কৰ্তৃপক্ষ ৷ সমগ্ৰ অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিবাদ কৰি কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতেই সোমবাৰে ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে স্থানীয় বিধায়ক ৰকিবুল হুছেইন(Rockybul Hussain) ৷ ঘটনাস্থলীত উপস্থিত হৈ প্ৰতীক চিহ্নসমূহ পুনৰ নিৰ্মাণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পাচতে সোমবাৰে বিয়লি ভাগত চামগুৰিবাসীয়ে সম্পূৰ্ণ মাংগলিকভাৱে খোল-তাল বজাই, নাম প্ৰসংগ কৰি বিসৰ্জন দিয়ে শৰাইখনৰ লগতে প্ৰতীকি চিহ্নটো ।