অসম

assam

ETV Bharat / videos

ভূপেন বৰাৰ কবিতাক লৈ মৰাণত মন্ত্ৰী যোগেন মহনৰ প্ৰতিক্ৰিয়া

By

Published : Jan 30, 2022, 4:06 PM IST

এইবাৰ ৰাজনীতিত চলিছে কবিতাৰ বন্যা ৷ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লিখা কবিতাই এতিয়া গৰম কৰিছে অসমৰ ৰাজনীতি ৷ তেনে সময়তে ভূপেন বৰাৰ কবিতা (Bhupen kumar Borah's poem)ৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ পাছতে শাসক দলৰ মন্ত্ৰী, বিধায়ক, নেতা সকলোৱে কংগ্ৰেছৰ সভাপতি গৰাকীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় । ইয়াৰ মাজতে, দেওবাৰে মৰাণত উপস্থিত হৈ ভূপেন বৰাৰ কবিতাক লৈ সৰৱ হৈ উঠিল মন্ত্ৰী যোগেন মহন (Minster Jogen Mohan reacts on Bhupen kumar Borah's poem) ৷ মন্ত্ৰী যোগেন মোহনে ক’লে, ''কংগ্ৰেছে ৰাজনীতি বাদ দি কবিতা গাব ধৰিছে । ভূপেন বৰাই অংক নাজানে অকল কবিতা জানে । কংগ্ৰেছৰ নাওঁ ডুবিলে, সেইখন নাৱঁত কোনো নুঠে ।''

ABOUT THE AUTHOR

...view details