দিশা শীৰ্ষক পৰ্যালোচনাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
কামৰূপ(গ্ৰাম্য) জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা উন্নয়নৰ পৰ্যালোচনা সভা । দিশা শীৰ্ষক পৰ্যালোচনা সভাত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্ৰহণ । জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাৰ্যসূচীৰ পুংখানুপুংখ বিশ্লেষণ কৰে এই সভাত । সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজা উপস্থিত থকা পৰ্যালোচনা সভাখনত স্বাস্থ্য, শিক্ষা, জলসম্পদ, পৰিবহণ, আৰক্ষী, জনস্বাস্থ্য, কৃষি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, আবকাৰী, সমাজ কল্যাণ আদি বিভাগৰ শীৰ্ষ বিষয়াৰ পৰা বিভাগৰ কামৰ খতিয়ান লয় অভিভাৱক মন্ত্ৰীগৰাকীয়ে । ক’ৰণা মহামাৰীৰ সময়ত ল'ব লগা ব্যৱস্থা, ভেকচিন প্ৰদান সূচাৰুৰূপে সম্পন্ন কৰা, বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা আদি বিষয়সমূহত বিশেষভাৱে গুৰুত্ব লাভ কৰে এই পৰ্যালোচনা বৈঠকত । বিধায়ক ভৱেশ কলিতা, দিগন্ত কলিতা, সুমন হৰিপ্ৰিয়া, হেমাংগ ঠাকুৰীয়া, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস উপস্থিত থকা সভাখনত ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যত আৰু শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ সন্দৰ্ভতো আলোচনা কৰা হয় । ইয়াৰ উপৰিও এই অনুষ্ঠানত জিলাখনৰ প্ৰতিঘৰ লোকে যাতে বিশুদ্ধ খোৱাপানী লাভ কৰে, সেয়া নিশ্চিতকৰণৰ বাবে অভিভাৱক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে ।