ইছলামপুৰত লগে-ভাগে ইফটাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে
গুৱাহাটী, 3 জুনঃ সোমবাৰে মহানগৰীৰ ইছলামপুৰত বিজেপি সংখ্যালঘু মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হয় ইফটাৰ পাৰ্টিৰ । ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহত প্ৰতিবছৰে এনেদৰে ইফটাৰৰ আয়োজন কৰে বিজেপিয়ে । শান্তি সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যৰে সকলোৱে মিলি কৰিলে ইফটাৰ। এই ইফটাৰ পাৰ্টিত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সংখ্যালঘু বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটীৰ সাংসদ কুইন ওজা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে প্ৰমুখ্য কৰি বিজেপিৰ ভালে সংখ্যক নেতা কৰ্মী।