অসম

assam

ETV Bharat / videos

বিদ্যালয়ৰ বেৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ - এমজিএনৰেগা

By

Published : Aug 8, 2021, 9:10 AM IST

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত 82 নং জনতা গাঁও পঞ্চায়তৰ বালিকুৰি মধ্যচৰ এম ই মাদ্ৰাছাত বেৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি (Corruption) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এম জি এনৰেগা (MGNREGA) আঁচনি 2019-20 ৰ অধীনত মাদ্ৰাছাখনৰ খেলপথাৰত মাটি পেলোৱা আৰু চাৰিসীমাৰ বেৰ নিৰ্মাণৰ বাবে চৰকাৰে আৱণ্টন দিছিল 7,84,029 টকা ৷ অভিযোগ অনুসৰি, মাদ্ৰাছাখনত চাৰিসীমা বেৰ নিৰ্মাণৰ নামত সামান্য পৰিমাণৰ বালি-মাটি ছটিয়াইছে ঠিকাদাৰে ৷ এই কামত পঞ্চায়ত সভাপতিয়ে প্ৰায় ডেৰ লাখ টকাৰ কাম কৰি বাকীখিনি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক আৰু ৰাইজে । ঘাঁহনিৰ ওপৰত 5 ইঞ্চি বালি-মাটি ছটিয়াই নামমাত্ৰ কাম কৰাত স্কুলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে সভাপতি হাবিল খানে চৰকাৰী আঁচনিৰ ধন লুণ্ঠন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে । শীঘ্ৰে এই বিষয়ত তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details