অসম

assam

ETV Bharat / videos

Massive fire at Rangia : ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত ভয়ংকৰ অগ্নিকাণ্ড - ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Dec 19, 2021, 10:56 AM IST

শনিবাৰে নিশা ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা । অসম আৰক্ষীত কৰ্মৰত মুকুতা দাস আৰু দশম আৰক্ষীত কৰ্মৰত মণি কুমাৰ দাসৰ বাসগৃহত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Massive fire broke out at Rangia) ৷ এই জুয়ে দুয়োগৰাকীৰে বাসগৃহৰ সমীপত থকা গোহালি ঘৰৰ লগতে আন কেইবাটাও ঘৰ নিমিষতে আগুৰি ধৰে (Massive fire at Rangia) ৷ স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি, গোহালি ঘৰত দিয়া ধোঁৱাৰ পৰাই জুইৰ সূত্ৰপাত ঘটিছিল ৷ এই অগ্নিকাণ্ডত প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয় । লগতে জুইত জাহ যায় এখন স্কুটী, কেইবাখনো চাইকেল আৰু গোহালি ঘৰত থকা হাঁহ আৰু মুৰ্গীকে ধৰি পশুধনসমূহ ৷ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰথমতে গোহালি ঘৰত লাগে জুই । এই জুয়ে মূহুৰ্ততে এটা এটাকৈ কেইবাটাও ঘৰ ছানি ধৰে । এই অগ্নিকাণ্ডৰ খবৰ দিয়াৰ পাচতো বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷ যাক লৈ উত্তেজিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ৷ পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নুমুৱাবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details