শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ সমাধিস্থলীত কাৰ্গিল বিজয় দিৱস পালন
আজি কাৰ্গিল বিজয় দিৱস । ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতে কাৰ্গিল যুদ্ধত পাকিস্তানক পৰাস্ত কৰি কাৰ্গিলৰ উচ্চ শিখৰত ভাৰতীয় পতাকা উত্তোলন কৰিছিল ৷ তেতিয়াৰ পৰাই বিগত 20 বছৰ ধৰি আজিৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ গোলাঘাটৰ খুমটাইৰ বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ সমাধি স্থলীত পালন কৰা হয় ২০ সংখ্যক কাৰ্গিল বিজয় দিৱস। শ্বহীদ গৰাকীৰ পৰিয়ালৰ সহযোগত খুমটাই জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত এই কাৰ্গিল বিজয় দিৱস পালন কৰা হয় ।