অসম

assam

By

Published : Oct 7, 2021, 5:09 PM IST

ETV Bharat / videos

'ৰাইজৰ দলে' কংগ্ৰেছক ব্লেকমেইলং কৰিছে : মনোৰঞ্জন কোঁৱৰ

উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ থাওৰা সমষ্টিত বিভিন্ন দলৰ মাজত মত-বিৰোধ আৰম্ভ হৈছে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বুধবাৰে কংগ্ৰেছক পুনৰ আহ্বান জনাইছিল যাতে সমষ্টিটোত দলটোৱে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰে । লগতে কৈছিল যে থাওৰাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ কোনো দলীয় স্থিতি নাই আৰু তেওঁৰ জয়ৰ কোনো সম্ভাৱনা নাই । ইয়াৰ পাছতে থাওৰাৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে উভটি ধৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক । মনোৰঞ্জন কোঁৱৰৰ অভিযোগ ৰাইজৰ দলে কংগ্ৰেছক ব্লেকমেইলিং কৰিছে । তেওঁ কয় যে থাওৰাত ৰাইজৰ দলৰ কোনো তৃণমূল পৰ্যায়ত সংগঠন নাই । কেৱল ৰাইজৰ দলে কংগ্ৰেছৰ ভোট ভাঙি বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক জয়ী কৰোৱাৰ চেষ্টা চলাইছে । অখিল গগৈক কটাক্ষ কৰি তেওঁ কয় যে অখিল গগৈৰ কথাৰ কোনো গুৰুত্ব নাই কিয়নো তেওঁ ৰাতিপুৱা এটা কয় আৰু গধুলি এটা কয় । ইফালে উপ-নিবাৰ্চনক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হৈছিল যদিও থাওৰা সমষ্টিৰ ৰাজনৈতিক অংকই দুই দলৰ মাজত মিত্ৰতাক বুমেৰাং কৰি তুলিছে ।

ABOUT THE AUTHOR

...view details