ক'ৰণা কালত বিহু পাতিবলৈ দিয়াক লৈ প্ৰশ্ন মানস ৰবীনৰ - bohag bihu
কভিডৰ সংক্ৰমণৰ হাৰৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে চৰকাৰে বিহু পাতিবলৈ অনুমতি দিয়াটো উচিত হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় শিল্পী মানস ৰবীনে ৷ পহিলা ব'হাগত সত্ৰনগৰী বৰপেটাত ছাত্ৰসন্থাৰ বিহু অনুষ্ঠানত সংগীতানুষ্ঠান সমাপ্ত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মানস ৰবীনে ৷ ক’ভিড সংক্ৰান্তীয় SOP মানি বিহু পালন কৰাত অসন্তুষ্টি প্ৰকাশ কৰে মানস ৰবীনে ৷