Allegation against CM's wife : মুখ্যমন্ত্ৰীক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত আখ্যা মানস কোঁৱৰৰ
এইবাৰ বৃহৎ ভূমি কেলেংকাৰীত জড়িত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ পৰিয়াল বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, দুটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ অনুসন্ধানত পোহৰলৈ অহা এই কেলেংকাৰীত সাঙোৰ খাই পৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা আৰু তেওঁলোকৰ পুত্ৰৰ নাম (Assam CM wife accused of involvement in land grabbing) ৷ যাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে শিৱসাগৰ নগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী-পুত্ৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ গইনা লৈ শিৱসাগৰ আৰক্ষীয়ে তিনি প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰে ৷ যাক লৈ সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি মানস কোঁৱৰ (Satra Mukti Sangram Samiti leader Manash Konwar) । কোঁৱৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক তীব্ৰ সমালোচনা কৰাৰ লগতে অসমৰ সকলোতকৈ বেছি দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতা বুলিও অভিহিত কৰে ।