অসম

assam

By

Published : May 31, 2021, 9:15 AM IST

Updated : May 31, 2021, 10:42 AM IST

ETV Bharat / videos

কেমেৰাত বন্দী হাতী-মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য

গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা অব্যহত আছে হাতী আৰু মানুহৰ সংঘাত ৷ নুমলীগড়ৰ সমীপৰ মৰঙি চাহ বাগিচাত দেওবাৰে দেখা গ’ল তেনে এক দৃশ্য ৷ এজাক বন্যহস্তীয়ে এফালৰ পৰা মহটিয়াই চাহ বাগিচাৰ বিভিন্ন অঞ্চল । মাজে সময়ে শ্ৰমিকলৈও চোঁচা লয় বন্যহস্তীয়ে । এক শিহৰণকাৰী দৃশ্য আৱদ্ধ হৈছে ইটিভি ভাৰতৰ কেমেৰাত । দিনৰ ভাগতেই এইদৰে হাতীৰ জাকটোৱে বাগিচা খনত অৱস্থান কৰি ত্ৰাসৰ সৃষ্টি কৰে ৷ নিশা হ'লেই কাষৰ গাঁও সমূহত প্ৰৱেশ কৰি হাতীৰ জাকটোৱে লণ্ড-ভণ্ড কৰে ঘৰ-বাৰী । কিন্তু হাতী-মানুহৰ এই ভয়ংকৰ সংঘাত কোনোমতেই ৰোধ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ ৷ স্থানীয় লোক সকলে নিজা ববীয়াকৈয়ে হাতীৰ উপদ্ৰৱৰ পৰা নিজৰ অঞ্চলটো ৰক্ষা কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰি চেষ্টা চলাই গৈছে ৷
Last Updated : May 31, 2021, 10:42 AM IST

ABOUT THE AUTHOR

...view details