অসম

assam

By

Published : Dec 14, 2021, 9:32 AM IST

ETV Bharat / videos

Man elephant conflict : সোণাৰিত ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিলে বনৰীয়া হাতীয়ে

ৰাজ্যত প্ৰায়ে সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘাত(Man Elephant conflict in Assam) ৷ সমান্তৰালভাৱে চৰাইদেউৰ সোণাৰিত হাতী-মানুহৰ সংঘাতত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৷ বিগত কিছুদিন ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই আহিছে সোণাৰিত(Elephant attack at Sonari) ৷ খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে সোণাৰিৰ বানফেৰা অঞ্চলত বিগত কেইবাদিনো ধৰি উপদ্ৰৱ চলাই আহিছে(Man Elephant conflict at Sonari) ৷ শেহতীয়াকৈ সোমবাৰে নিশা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে বানফেৰা অঞ্চলৰ বাসিন্দা চনামনি মেদ্ৰীৰ বাসগৃহ ভাঙি তহিলং কৰে ৷ ফলত অঞ্চলটোত এক আতংকৰ সৃষ্টি হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পাচতে বন বিভাগক খবৰ দিয়া হয় ৷ স্থানীয় লোকৰ পৰা খবৰ লাভ কৰাৰ পিছতো ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় লোকে ৷

ABOUT THE AUTHOR

...view details