অসম

assam

ETV Bharat / videos

Man Elephant conflict at Kampur : কামপুৰত বন্যহস্তীৰ মুক্ত বিচৰণে নিদ্ৰা হৰিছে চহা কৃষকৰ - হাতী মানুহৰ সংঘাত

By

Published : Dec 19, 2021, 6:18 PM IST

ৰাজ্যত হাতী মানুহৰ সংঘাতে লৈছে ভয়াৱহ ৰূপ (Man Elephant conflict) ৷ বন্যহস্তীয়ে তহিলং কৰিছে ঘৰ-দুৱাৰ, নষ্ট কৰিছে খেতি পথাৰ ৷ বনাঞ্চলৰ বিপৰীতে এতিয়া জনাঞ্চলতহে সঘনে দেখা বন্যহস্তীৰ জাকক ৷ পাহাৰত বন ধ্বংসৰ ভয়ংকৰ পৰিণতি ভোগ কৰিব লগা হৈছে মানৱ সমাজে । যাৰ ফলত ভৈয়ামত বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত । শেহতীয়াকৈ নগাঁৱৰ কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত 36 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কামপুৰৰ দাঁতিকাষৰীয়া বেঙেনা আটি, তেলিয়া আটি আৰু পটিয়াপাম অঞ্চলৰ কৃষি পথাৰত বন্যহস্তীৰ জাকে অৱস্থান গ্ৰহণ কৰিছে ৷ তীব্ৰ শংকাত ভুগিছে গঞা ৰাইজে । ইপিনে পথাৰৰ ধান কাটি শেষ নোহোৱা কৃষক ৰাইজে পথাৰত বৃহৎ বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ দেখি চিন্তিত হৈ পৰিছে । অঞ্চলবাসীয়ে উল্লেখ কৰা অনুসৰি, বন্যহস্তীৰ জাকটোৱে দিনত হ’লে এখন বৃহৎ পথাৰত অৱস্থান কৰি নিশা হ’লেই কামপুৰৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলায় (Elephant menace triggers panic) । প্ৰায় 200 অধিক বন্যহস্তীৰ জাকটোৱে এতিয়া গঞা ৰাইজৰ নিদ্ৰা হৰিছে ।

ABOUT THE AUTHOR

...view details