মাজুলীত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰই দৃষ্টি আকৰ্ষণ কৰিলে পৰিবহন বিভাগৰ - Road Safety Awareness in Assam
ৰাজ্য চৰকাৰে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি পথ সুৰক্ষাৰ সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে (Road Safety Awareness programme in Assam)। সমান্তৰালভাৱে মাজুলী পৰিবহন বিভাগো এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা হাতত লৈছে ৷ কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পথৰ নীতি-নিয়ম সম্পৰ্কৰ ক্ষেত্ৰত কঠোৰ নিৰ্দশনা জাৰি কৰাৰ পাচতে মাজুলীত দ্বিতীয় শ্ৰেণীৰ কায়ান কৌশিক নামৰ এজন ছাত্ৰই হেলমেট পৰিধান কৰি দৃষ্টি আকৰ্ষণ কৰে পৰিবহন বিভাগৰ ৷ তথ্য অনুসৰি মাজুলী বাসিন্দা কণমানি কায়ান কৌশিক মাতৃৰ সৈতে পেট্ৰ’ল সংগ্ৰহৰ ডিপুলৈ যোৱা এখন ফটোগ্ৰাফ ভাইৰেল হয় ৷ এই ভাইৰেল ফটোখনত মাতৃৰ লগতে কায়ান কৌশিকে পৰিবহণ বিভাগৰ শেহতীয়া নিৰ্দেশনা মানি দুয়ো পৰিধান কৰিছিল হেলমেট । প্ৰশাসনৰ বিভাগে এই ফটোখন সংগ্ৰহ কৰি সামাজিক মাধ্যম যোগে পৰিবহণ আইন নমনা লোক সকলৰ মাজত সজাগতা গঢ়ি তুলিবলৈ ফটোখন শ্বেয়াৰ কৰিছিল ৷ জানিব পৰা মতে জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰা মাজুলীৰ পতিয়া গাঁৱৰ কায়ান কৌশিকে সদায় বিদ্যালয়লৈ যাওঁতে পৰিধান কৰে হেলমেট । এই বিষয়টো পৰিবহন বিভাগৰ চকু পৰাত দেওবাৰে দুপৰীয়া মাজুলী জিলা প্ৰশাসনৰ লগতে পৰিবহণ বিভাগ কায়ান কৌশিকৰ গৃহত উপস্থিত হৈ মাতৃৰ লগতে কায়ানক সম্বৰ্ধনা জনায়(Majuli Police praised a little boy for his concern about road safety) ৷ লগতে কায়ান কৌশিকৰ এই কাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হ'বৰ বাবে সমগ্ৰ অসমবাসীক আহ্বান জনায় ৷