অসম

assam

By

Published : Dec 2, 2020, 4:06 PM IST

ETV Bharat / videos

চামগুৰি সত্ৰত মুখাশিল্পৰে প্ৰদৰ্শিত ৰাসক্ৰীড়া

মাজুলীৰ অন্যান্য ৫১ খন মঞ্চৰ লগতে সত্ৰসমূহতো উদযাপন কৰা হয় ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ ৷ নতুন চামগুৰি সত্ৰটো মুখা শিল্পৰ প্ৰদৰ্শনেৰে প্ৰতিবছৰৰ দৰে এইবেলিও উদযাপিত হয় ৰাস ক্ৰীড়া । মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ অমৰ সৃষ্টি কেলি গোপাল নাটৰ আৰ্হিৰে প্ৰদৰ্শিত হয় শ্ৰী কৃষ্ণৰ ৰাস ক্ৰীড়া । সত্ৰখনৰ নিজা সৃষ্টি মুখা শিল্পৰ জৰিয়তে প্ৰদৰ্শিত হয় কংসালয়ৰ দৃশ্য । মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰৰ এই দৃশ্যাংশই বিশেষভাবে আকৰ্ষিত কৰিবলৈ সক্ষম হয় ৰাস প্ৰেমী লোকক | এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details