অসম

assam

By

Published : Dec 12, 2020, 7:55 PM IST

ETV Bharat / videos

মাজুলীত প্ৰতিবাদকাৰীৰ কণ্ঠত প্ৰতিধ্বনিত হ'ল কা' আমাক নালাগে

মাজুলীৰ গড়মূৰ সত্ৰৰ পীতাম্বৰ দেৱ গোস্বামী শিশু উদ‍্যানত সদৌ মাজুলী জিলা ছাত্র সন্থাই শনিবাৰে নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে । এই উপলক্ষে কা' আমি নামানো, কা' আমাক নালাগে আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পীতাম্বৰ দেৱ গোস্বামী শিশু উদ‍্যান উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷ এই গণ হুংকাৰ কাৰ্যসূচীত শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ লগতে প্ৰতিবাদস্থলীৰ পৰাই আছু কৰ্মীয়ে স্পষ্ট কৰি দিয়ে নাগৰিকত্ব সংশোধনী আইন 2019 অসমীয়াই মানি নলয় । ।

ABOUT THE AUTHOR

...view details