যোৰহাটৰ মেলেং মিলন মন্দিৰত মহাসপ্তমী পূজা - যোৰহাটৰ মেলেং মিলন মন্দিৰ দুৰ্গা পূজা
আজি মহাসপ্তমী(Maha Saptami) ৷ নৱ পত্ৰিকাৰে দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি আৰম্ভ হ’ল মহাসপ্তমী পূজা । এয়া যোৰহাটৰ মেলেং মিলন মন্দিৰতো আৰম্ভ হৈছে 104 বছৰীয়া ঐতিহাসিক পূজাভাগ ৷ পুৱা 9 বাজি 22 মিনিটত শংখ, ডবা, উৰুলিৰ ধ্বনিৰ মাজেৰে আৰু পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হৈছে মহা সপ্তমীৰ পূজা । ক’ভিড(Covid) নীতি অনুসৰি এইবেলি কেৱল আধ্যাত্মিকতাৰ মাজেৰেহে উদযাপন কৰা হৈছে এই পূজাভাগ । পূৰ্বে পূজাৰ সমান্তৰালকৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মেলা আদিও আয়োজন কৰে উদ্যোক্তাসকলে । চাওক সংবাদদাতা সাৰংগপাণি শইকীয়াই দেখুওৱা মেলেং মিলন মন্দিৰৰ মহা সপ্তমীৰ সামগ্ৰিক পৰিৱেশ...