অসম

assam

ETV Bharat / videos

দালালৰ বিৰুদ্ধে চলা অভিযান মাথো এখন নাটক : লুৰীণজ্যোতি গগৈ - বনাঞ্চলৰ বেদখল

By

Published : Sep 23, 2021, 5:27 PM IST

গোলাঘাটত অসম জাতীয় পৰিষদৰ সাংগঠনিক সভাত অংশ লৈ বিস্ফোৰক মন্তব্য আগবঢ়ালে সভাপতি লুৰীণ জ্যোতি গগৈয়ে ৷ তেওঁ কয়, ''দালাল গ্ৰেপ্তাৰৰ দ্বাৰা চমক সৃষ্টি কৰি নাটক কৰিছে ৰাজ্যৰ বিজেপি চৰকাৰে । দালাল যিমান দোষী দালাল ব্যৱহাৰ কৰা সকলো সমানে দোষী । মুখ্যমন্ত্ৰীয়ো দালালৰ হাতেৰে মাটিৰ কাম কৰোৱা বিষয়টোও তদন্তৰ আওতালৈ আনিব লাগে। চৰকাৰে মাটিৰ দালাল গ্ৰেপ্তাৰ কৰিছে আনহাতে, সকলোতকৈ ডাঙৰ দালাল গৰাকীকে বিজেপিয়ে টিকট দিব বিচাৰিছে।'' গগৈয়ে চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে, চৰকাৰে প্ৰতিশ্ৰুতি মতে ভূমি সংৰক্ষণ কৰিব লাগে আনহাতে আজিও সত্ৰ, নামঘৰ, ৰাষ্ট্ৰীয় উদ্যান ,বনাঞ্চলৰ বেদখল উচ্ছেদ কৰিব পৰা নাই চৰকাৰে । গড়ৰ খৰ্গ দাহৰ ক্ষেত্ৰত চৰকাৰে এক উৎসৱ মুখৰ পৰিবেশেহে সৃষ্টি কৰিলে বুলি বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে। ইয়াৰোপৰি,আগন্তুক উপ নিৰ্বাচনত বিৰোধী শিবিৰৰ পৰা এটা সমষ্টিত এজন প্ৰাৰ্থী প্ৰদানৰ আহ্বান লুৰীণজ্যোতি গগৈৰ। এই সন্দৰ্ভত কংগ্ৰেছক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে অসম জাতীয় পৰিষদে।

ABOUT THE AUTHOR

...view details