আৱেগিক পৰিৱেশৰ মাজেৰে আছু ত্যাগ কৰিলে লুৰিণ জ্যোতি গগৈয়ে - Lurin jyoti Gogoi leave AASU
তিনিচুকীয়া, 22 নৱেম্বৰ: অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিক ভাৱে বিদায় ল’লে সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৷ শনিবাৰে ছাত্ৰ নেতা জনে আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে দুলীয়াজান অধিৱেশনৰ মুকলি সভাত সৃষ্টি হয় এক আৱেগিক পৰিৱেশৰ ৷ ছাত্ৰ নেতাজনৰ এই ঘোষণাৰ পাছতে কান্দোনৰ ৰোল উঠে আছু কৰ্মী সকলৰ মাজত ৷ আছু ত্যাগৰ ঘোষণা কৰি মঞ্চতে আবেগিক হৈ পৰিল লুৰিণ জ্যোতি গগৈ ৷ আছু ত্যাগৰ সিদ্ধান্ত সন্দৰ্ভত ছাত্ৰ নেতা জনে কয় যে, "মই বহুবাৰ বিবেকৰ লগত কথা পাতিছো ৷ মই আত্মবিশ্বাসী,এই সিদ্ধান্ত মোৰ আত্মত্যাগ নহয় ৷ মই শেহতীয়া পৰিবেশ আৰু পৰিস্থিতি চাইহে এই সিদ্ধান্ত লৈছো ৷ জাতিৰ বাবে এই সিদ্ধান্ত লৈছো ৷ যদি মই ব্যক্তিগত চিন্তা কৰিলো হেতেন, তেন্তে মই সভাপতি হ’লো হেতেন ৷ এইয়া মোৰ জাতীয় দায়িত্ব ৷ মই জাতিৰ গাড্ডাৰ হব খোজা নাই " ৷ লগতে নেতা গৰাকীয়ে উল্লেখ কৰে যে,লুৰিণজ্যোতি গগৈ নামৰ সত্ত্বাটো একমাত্ৰ আছুৰ বাবেই হৈছে আৰু ইয়াক জীয়াই ৰখাৰ দায়িত্ব মোৰ ৷